পানী : এক অমূল্য সম্পদ Class 7 Science Chapter 16

SCERT Assam class 7 Science Chapter 16 পানী : এক অমূল্য সম্পদ (Water : A Precious Resource) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 16 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

SCERT Class 7 Science Chapter 16

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam পানী : এক অমূল্য সম্পদ class 7 Science chapter 16 free notes. You can also download SCERT class 7 science chapter 16 PDF version for free.

পানী : এক অমূল্য সম্পদ

পাঠ : ১৬

অনুশীলনী (Exercises)

প্ৰশ্ন 1 ।  উক্তিটো যদি সচাঁ হয় (স) আৰু মিছা হয় (মি) ৰে চিহ্নিত কৰা ।

(a) পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূ-গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি । (স/মি)

উত্তৰ— স ।

(b) গাওঁ অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। (স/মি)

উত্তৰ— মি ।

(c) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ’ল নদীৰ পানী । (স/মি)

উত্তৰ— মি ।

(d) বৰষুণ হ’ল পানীৰ প্ৰধান উৎস । (স/মি)

উত্তৰ— স ।

প্ৰশ্ন 2 ।  ভূ-গৰ্ভৰ পানী কেনেকৈ পূৰ কৰা হয় ব্যাখ্যা কৰা ।

উত্তৰ— বৰষুণৰ পানী মাটিৰ মাজেদি সৰকি গৈ মাটিৰ তলত জমা হয় । নৈ , বিল , পুখুৰী আদিৰ পানীও একেদৰে মাটিৰ মাজেদি সৰকি চেপা খাই মাটিৰ তলত জমা হয় । এই পানীবােৰ কঠিন , শিল , মাটিৰ কণাৰ মাজত থকা ফাঁকত জমা হৈ থাকে । এনেকৈয়ে ভূ-গৰ্ভৰ পানী পূৰ হয় ।

প্ৰশ্ন 3 ।  পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে ?

উত্তৰ— নলীনাদৰ ব্যৱহাৰ বেছি হ’লে ভূ-গৰ্ভৰ পানীৰ পৰিমাণ দিনক দিনে কমি যাব । ফলত মানুহৰ মাজত দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ অভাৱ ঘটিব ।

প্ৰশ্ন 4 । তোমাক এখন বাগিছা পৰিচালনা কৰিবলৈ কোৱা হ’ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ?

উত্তৰ— ঘৰৰ শাক-পাচলি, ফল-মূল বা অন্য বস্তু ধুৱাৰ পিছত পানীখিনি পেলায় দিয়াতকৈ বাগিছাত ব্যৱহাৰ কৰিব পাৰিম ।  বৰষুণ দিলে সেই পানী ধৰি ৰাখি বাগিছাত ব্যৱহাৰ কৰিব পাৰিম। বাগিছাৰ ফুলৰ গুৰিলৈ সৰু সৰু নলাৰ দ্বাৰা পানী যােগান ধৰিও, পানীৰ ব্যৱহাৰ কম কৰিব পাৰিম।

প্ৰশ্ন 5 ।  ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা । 

উত্তৰ— ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ’ব পাৰে যেনে- জনসংখ্যাৰ বৃদ্ধি, ঔদ্যগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ’ল ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰক । লগতে বৰষুণৰ পৰিমাণ কম হ’লেও ভূ-গৰ্ভ জলপৃষ্ঠ অৱক্ষয় হ’ব পাৰে। অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমন হ’ব পাৰে, সেইটো হ’ল নিৰ্বনানীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ।

প্ৰশ্ন 6 ।  উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা :

(a) ——— আৰু ——— দ্বাৰা মানুহে ভূ-গৰ্ভৰ পৰা পানী পায় ।

উত্তৰ— দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূ-গৰ্ভৰ পৰা পানী পায় ।

(b) পানীৰ তিনিটা ৰূপ হ’ল ———, ——— আৰু ——— ।

উত্তৰ— পানীৰ তিনিটা ৰূপ হ’ল গোটা, জুলীয়া আৰু গেছীয় ।

(c)  পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল ——— ।

উত্তৰ— পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল জলপৃক্ত ।

(d)  যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক ——— বোলা হয় ।

উত্তৰ— যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃপৰিস্ৰাৱণ বোলা হয় ।

প্ৰশ্ন 7. তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?

(a) উদ্যোগৰ দ্ৰুত বৃদ্ধি ।

(b) জনসংখ্যা বৃদ্ধি।

(c) প্ৰচুৰ বৰষুণ

(d) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ ।

উত্তৰ— (c) প্ৰচুৰ বৰষুণ

প্ৰশ্ন 8. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

মুঠ পানীৰ পৰিমাণ একে থাকে-

(a) পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত।

(a) ভূ-গৰ্ভত।

(c) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত।

(d) গোটেই পৃথিৱীৰ।

উত্তৰ— (d) গোটেই পৃথিৱীৰ।

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

Class 7 science chapter 16

তোমালোকে কি শিকিলা (What you have learnt)- SCERT Class 7 Science

♦ জীৱ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে।

♦ পানী তিনিটা অৱস্থাত পোৱা যায়- গোটা, জুলীয়া আৰু গেছীয়।

♦ যদিও জলচক্ৰই পৃথিৱীত পানীৰ পৰিমাণ অব্যাহত ৰাখে, তথাপি পৃথিৱীৰ বহু অংশত পানীৰ তিব্ৰ অভাৱ দেখা যায়।

♦ পানী সমভাৱে বিতৰণ হৈ থকা নাই । মানুহৰ কৰ্মৰ ফলতে প্ৰয়বিলাক ঠাইত এনেকুৱা হ’বলৈ পাইছে।

♦ উদ্যোগৰ দ্ৰুত বৃদ্ধি, জনসংখ্যা বৃদ্ধি, বাঢ়ি অহা জলসিঞ্চনৰ আৱশ্যকতা আৰু অদক্ষ পৰিচালনাই পানী কমি যোৱাৰ কিছুমান কাৰন।

♦ নলীৰ যোগেদি পানী যোগান ধৰোঁতে হোৱা অপচয়, অট্টালিকা আৰু অন্যান্য ঠাইত টেপৰ ফুটাৰে পানী নিগৰি হোৱা অপচয়ৰ বিষয়ে  আমি উদ্বিগ্ন হোৱা উচিত। পানীৰ অপব্যৱহাৰ কৰা আৰু ভূ-গৰ্ভৰ পৰা পানী উলিওৱাটো পৰিহাৰ কৰিব লাগে। ভূ-গৰ্ভৰ পানীত পুনৰ পানী পূৰ হোৱা হাৰটো বৃদ্ধি কৰিব লাগে।

♦ বৰ্তমান সময়ৰ প্ৰয়োজন এইটোৱেই যে প্ৰত্যেক ব্যক্তিয়ে পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে মিতব্যিয়িতা অবলম্বন কৰিব লাগে।

♦ উদ্ভিদে কেইবাদিনো পানী নাপালে প্ৰথমে লেৰেলি যায় আৰু অৱশেষত মৰি থাকে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close